তুমি বিহীন মোৰ উজাগৰী নিশা শব্দৰ সৈতেই খেলো নৱ নৱ খেলা Saddam Hussain

তুমি বিহীন মোৰ উজাগৰী নিশা শব্দৰ সৈতেই খেলো নৱ নৱ খেলা Saddam Hussain ▌║││█║▌║║▌© Official Page™ ✔Verified by Facebook that this is original Page √ Vrfyd page @+[233750730163890:] + rmve
0 92
SHARE WITH OTHERS
See new updates

▌║││█║▌║║▌© Official Page™ ✔Verified by Facebook that this is original Page

√ Vrfyd page @+[233750730163890:]

+ rmve

Latest Updates

ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণ পৰি আছে ৷
কিন্তু তাতে চোহেলৰ কি ?
সি তো যাব লাগিব তাৰ ভালপোৱা খুজিব ৷
বহুত খোজকাঢ়িলে সি , এতিয়া ভৰিৰ পৰা তেজ ওলাই আছে তাৰ ৷
তেতিয়াও ৰখিবলৈ কোনো প্রচেষ্ট নাই তাৰ,
সি নিৰবিচ্ছিন্ন ভাৱে আগুৱাই গৈয়ে আছে ৷
চাৰিওফালে আন্ধাৰ বিয়পি পৰিল এনেকুৱা লাগি আছে ৷
হঠাৎ উজটি খাই বাগৰি পৰে চোহেল ৷
তেতিয়াওঁ তাৰ কাণত ভাহি আহে মধুৰ এটি কণ্ঠ ,
" দুখ পোৱা নাই তো তুমি ,
মই তো আৰু পলাই যোৱা নাই ৷
মইতো শান্তিৰে টোপনি গৈছো চিৰদিনৰ বাবে ৷
আচলতে চোহেলৰ নীলা তো এতিয়া আৰু নাই ৷
তিনি মাহ আগত মৃত্যু হ'ল নীলাৰ ৷

সেই দুখ চোহেলয়ে সয্য কৰিব পৰা নাই ৷

অস্থ হোৱা সূর্যৰ দৰে তাৰ জীৱনটো ও অস্থ হৈ গ'ল ৷

চোহেল এগৰাকী মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ৷
বহুত কষ্ট কৰি পঢ়া - শুনা কৰিছিল ৷
তাৰ সপোন সি এদিন ডাঙৰ মানুহ হ'ব ৷
নিজৰ ভৰিত থিয় হ'ব ৷

আৰু আনফালে হ'ল নীলা ৷
ধনী বাপেকৰ একমাত্র জীয়ৰী ৷
তাইৰ কোনো বস্তুৰ একো অভাৱ নাই ৷

চোহেল ভাল কবিতা লিখিছিলে ,
ফেচবুকত নাম ও আছিলে তাৰ ৷
তাৰ কবিতাবোৰ অসাধাৰণ আছিলে ৷

এদিন এটি আইডি'ৰ পৰা ফ্রেন্ড ৰিকুয়েষ্ট আহিল চোহেলৰ তাত ৷

নীলা ৱান্টচ্ টু বি ইউৰ ফ্রেন্ড ।

চোহেল য়ে এক্সেপ্ট কৰিলে তাইৰ ফ্রেন্ড ৰিকুয়েষ্ট ৷

অলপ সময়ৰ পিছত নীলাই চোহেলক এটি মেছেজ দিয়ে ৷

নীলা :- আপোনি অসাধাৰণ কবিতা লিখে ৷

চোহেল :- ক'ত , নাই ৷
ইমান ধুনীয়া নহয় তো ৷

নীলা :- মই আপোনাৰ কবিতাবোৰ পঢ়িছো ৷
বহুত ভাল লাগিছে মোৰ তাত ৷

চোহেল :- ধন্যবাদ ।

( সি দিনা এই খিনিতে শেষ )

ৰাতি চোহেল ছাদত বহি
অন্ধকাৰ ডাৱৰে আৱৰি ৰখা চন্দ্রটোৰ ফালে চাই আছে ৷
ঠিক সেই সময়তে এটা ফোন আহিলে… …

চোহেল :- হেল্লো

নীলা :- চোহেল

চোহেল :- মই তো চোহেল নহ ওঁ ৷ তেতিয়া হ'লে ফোন কৰাৰ কাৰণ কি

নীলা :- আপোনি তো ডাৱৰৰ ৰং

চোহেল :- ভাল কথা কোৱা তুমি

নীলা :- ভাল কবিতা লিখে আপোনি

চোহেল :- ধন্যবাদ ।

নীলা :- বন্ধু হ'ব পাৰো নে ?

চোহেল :- নিশ্চয় পাৰা ৷

এনেকৈয়ে সিহতৰ মাজত বন্ধুত্ব আৰম্ভ হয় ৷
ৰাতি হাৰে থাকি কথা পাতে ৷ কিয় জানো এই বন্ধুত্ব ভালপোৱাত পৰিণত হৈ গ'ল ৷
সিহঁত দুয়ো দুয়োকে বহুত ভালপায় কিন্তু কোনেও কাকো ক'ব নোৱাৰে ৷
কেতিয়াওঁ দেখা নহয় সিহঁতৰ ,
চোহেল বহুত বাৰ কৈছে কিন্তু নীলা দেখা নকৰে ৷
আজি চোহেল বহুত সুখী ইমান দিনৰ অন্তত সি আজি নীলাৰ লগত লগ কৰিব ৷
সময় মতে চোহেল সেই স্থানত আহি উপস্থিত হ'ল য'ত নীলাই চোহেলক মাতিছে ৷
সি নীলাৰ ফালে চাই আচৰিত হৈ গ'ল ,


তাই আজি নীলা ৰংৰ শাড়ী পিন্ধিছে ,
হাতত তাইৰ নীলা ৰংৰ খাৰু ,
কপালত তাইৰ নীলা ৰংৰ ফুট এনে লাগিছিলে তাই যেন এজনী নীল পৰী ৷

নীলা :- কি হ'ল ? কি চাই আছা নো ইমান ?
বহা ৷

চোহেল :- নীলা তোমাক আজি বহুত ধুনীয়া লাগিছে ৷

নীলা :- হয় নেকি ?

চোহেল :- অ ,

তোমাক কথা এটা কওঁ নে ?

নীলা :- কোৱা ৷

চোহেল :- নীলা মই তোমাক বহুত ভালপাওঁ আৰু তোমাক মোৰ জীৱনসংঙ্গীনী ৰূপে পাব বিছাৰো ৷

চোহেলৰ কথা শুনি নীলাৰ চকু দি নিৰবিচ্ছিন্ন ভাৱে চকুলো বৈ আছে ৷
কেনেকে তাই চোহেলক বুজাব যে তাইৰ জীৱনটো ক্ষণস্থায়ী ৷
তাই নিজকেই বা কেনেকে বুজাব ,
তাই তো চোহেলক ভালপায় পেলাইছে ৷

নীলা :- চোহেল মই ও তোমাক বহুত ভালপাওঁ ৷
কিন্তু মোৰ ক্ষণস্থায়ী জীৱনৰ লগত তোমাক
ইনবলভ কৰিব নিবিচাৰো ৷


চোহেল :- কি কৈ আছা নো এইবোৰ তুমি ?

নীলা :- হয়তো মই আৰু জীয়াই নাথাকো ৷ কাৰণ
মোৰ দুয়োটা কিডনি বেয়া হৈ গ'ল ৷
কালি আমেৰিকা যাম ৷
শেষ চেষ্টা কৰিম তাত ৷

( চোহেলৰ মূখত একো কথা নাই , মনে মনে বহি আছে ৷ )

নীলা :- কি হ'ল ? কিবা এটা কোৱা ৷
মোৰ কাৰণে এটা বস্তু আনিবা ৷

চোহেল :- কি ?

নীলা :- তুমি … ……

নীলাই একো ক'ব নোৱাৰিলে আৰু তাৰ পৰা উঠি গুছি গ'ল ৷
তাৰ পিছত আৰু কেতিয়াও চোহেলৰ লগত নীলাৰ কোনো দিন ও কথা নহ'ল ৷

চোহেল এতিয়াও বিশ্বাস কৰে যে তাৰ নীলা এদিন নিশ্চয় ওভতি আহিব তাৰ ওচৰত ৷
চোহেল এতিয়াও নীলাক বিচাৰি ফুৰে এইটো জনাৰ পিছত ও যে নীলা আৰু নাই ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম

   Over a month ago
SEND

তোমাৰ স্মৃতিবোৰে আজি ও কন্দোৱাই মোক ৷
----------------
নীলা ওঁৰণী লৈ
তুমি দৌৰি কলেজৰ ছাঁদলৈ উঠি আহিছিলা ।
মই ও জুমি জুমি চাইছিলো তোমাৰ ফালে ৷
তুমিও কেতিয়াবা মোলৈ চাইছিলা
আৰু হাঁহিছিলা ।
বহুত ভাল লাগিছিলে তেতিয়া ;
ঠিক বৰশীত মাছ ধৰাৰ নিচিনায়ে ৷
গাঁৱলীয়া ডেকা মই
আৰু চহৰৰ গাভৰু তুমি ইয়াতকৈ বেছি ভাৱিবলৈ একোৱেই নাই ।
তোমাক প্ৰায়ে দেখা পাইছিলো মই ,
কেতিয়াবা তেজপুৰৰ সেই উদ্যান খনত ,
কেতিয়াবা কলেজলৈ যোৱা সেই বাটটোত ৷
নতুবা তুমালোকৰ ঘৰৰ সেই গলিটোত ।
আৰু কেতিয়াবা টিচনলৈ যোৱা এক্সিছ বেংকৰ ওচৰত ৷
ৰখি কথা পাতিছিলোঁ দুয়ো ৷
কলা উৰণীৰ আৰত লুকাই থকা তোমাৰ চকুযোৰৰ সৈতে যেতিয়াই মোৰ পিপাসু চকুৰ মিলন হৈছিল তেতিয়াই মই দেখা পাইছিলো এক অজান আবেগ ,
ভালপোৱাৰ এক আকুল আহ্বান

যদিও প্ৰেমত নপৰো বুলি ভাৱিছিলো তথাপিওঁ পৰি গ'লো ৷
কাৰণ মইযে তোমাক ভালপাই পেলাইছিলো।
আজি আকৌ তেজপুৰৰ সেই উদ্যান খনলৈ গৈছিলোঁ আৰু তোমাৰ লগত ৰখি কথা পতা সেই বেংকটোৰ ওচৰত গৈ আজিও মই তুমাৰ বাট চাই থাকো অধিৰ হৈ ৷
নীলা ওঁৰণিৰ আৰৰ চকুযোৰ ;
নাইবা হাঁহি থকা মূখখনি বিচাৰি।
তেজপুৰৰ সেই উদ্যানখন ,
কলেজলৈ যোৱা বাট
আনকি সেই ছাঁদত আৰু সেই গলিটোত ...
সকলোতে বিচাৰিলো তোমাক ,
কিন্তু , ক'তো নাপালো তোমাক ।
তুমি বিশ্বাস কৰা
ভূল মোৰ নাছিল
নাইবা তোমাৰ ও নাছিল।
কি কৰিবা ,
মই গাঁৱলীয়া ডেকা আৰু তুমি চহৰৰ গাভৰু ,
তুমি পাহৰিলে ও মইযে নোৱাৰিলো পাহৰিব ,
দুখ হয় বহুতেই আৰু কষ্ট ও হয় ৷
কাৰণ মই যে তোমাক সঁচাই ভালপাই পেলাইছিলো।

-
-
লিখক :- ছাদ্দাম হোচাইন
-
নগাঁও অসম

   Over a month ago
SEND

Gd evng

   Over a month ago
SEND